2“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, মই তোমালোকক যি দেশ দিম, তোমালোকে সেই দেশত সোমালে, যিহোৱাৰ উদ্দেশ্যে ভুমিয়ে বিশ্ৰাম ভোগ কৰিব।
3তুমি ছবছৰ নিজ পথাৰত গুটি ববা, আৰু ছবছৰ নিজ বাৰীৰ দ্ৰাক্ষালতাবোৰ পৰিষ্কাৰ কৰিবা, আৰু তাৰ গুটি চপাবা।
4কিন্তু সপ্তম বছৰ যিহোৱাৰ উদ্দেশ্যে ভুমিৰ সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-কাল হ’ব; সেই বছৰত তুমি নিজ পথাৰত গুটি নব’বা, আৰু দ্ৰাক্ষালতা পৰিষ্কাৰ নকৰিবা।
5তুমি নিজ পথাৰত নিজে হোৱা শস্য নাদাবা, আৰু পৰিষ্কাৰ নকৰা দ্ৰাক্ষালতাৰ গুটি নচপাবা; সেয়ে ভুমি সম্পূৰ্ণ বিশ্ৰামৰ বছৰ হ’ব।
6তাতে, বিশ্ৰাম-বছৰত হোৱা ভুমি শস্য তোমালোকলৈ আহাৰ হ’ব; অৰ্থাৎ তোমাৰ পথাৰত উৎপন্ন হোৱা সকলো শস্য তোমাৰ আৰু তোমাৰ দাস, বেটী আৰু তোমাৰ লগত থকা বেচ খোৱা দাস আৰু বিদেশীৰ বাবে যুগুত কৰিব পাৰিবা।
7আৰু তোমাৰ পশু আৰু দেশত থকা বনৰীয়া পশুবোৰৰ অৰ্থে সেইবোৰ আহাৰ হ’ব।
8তুমি নিজৰ কাৰণে সাত বিশ্ৰাম-বছৰ, সাত গুণ সাত বছৰ লেখ কৰিবা; তাতে সাত বিশ্ৰাম-বছৰৰ কাল ঊনপঞ্চাশ বছৰ হ’ব।
9তেতিয়া সপ্তম মাহৰ দশম দিনা দেশৰ সকলো ফালে বৰ মাতৰ শিঙা বজাবা; প্ৰায়শ্চিত্তৰ দিনা তোমালোকৰ দেশৰ সকলো ফালে শিঙা বজাবা।
10তোমালোকে পঞ্চাশ বছৰটো পবিত্ৰ বুলি মানিবা, আৰু গোটেই দেশত তাৰ সকলো নিবাসীসকললৈ মুক্তি ঘোষণা কৰিবা; সেয়ে তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব, আৰু তোমালোক প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰলৈ উলতি যাবা আৰু দাসবোৰক নিজ নিজ গোষ্ঠীৰ ওচৰলৈ পঠিয়াই দিবা।
11সেই পঞ্চাশ বছৰটো তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব; সেই বছৰত তোমালোকে গুটি নববা, নিজে হোৱা শস্যও নাদাবা আৰু কলম নিদিয়া দ্ৰাক্ষালতাৰ গুটিও নচপাবা।
12কিয়নো সেয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰ; সেয়ে তোমালোকলৈ পবিত্ৰ হ’ব। তোমালোকে সেই বছৰত নিজে উৎপন্ন হোৱা শস্য পথাৰৰ পৰা আনি খাবা।
13সেই বৰ্ষপূৰ্তি উৎসৱৰ বছৰত তোমালোকে সকলোকে নিজ নিজ উত্তৰাধিকাৰবোৰ ঘূৰাই দিবা।