19সেই সময়ত যীচুৰ মাক আৰু ভায়েক সকল তেওঁৰ ওচৰলৈ আহিছিল; কিন্তু লোক সকলৰ কাৰণে তেওঁৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিলে।
20তেতিয়া তেওঁক এই সম্বাদ দিয়া হ’ল যে, “আপোনাৰ আই আৰু ভাই সকলে আপোনাক দেখা পোৱাৰ ইচ্ছাৰে বাহিৰত থিয় হৈ আছে।”
21কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকেই মোৰ আই আৰু মোৰ ভাই।”
22পাছত এদিন যীচুৱে শিষ্যবোৰৰ সৈতে এখন নাৱত উঠি, তেওঁলোকক ক’লে, “আহা, আমি সৰোবৰৰ সিপাৰলৈ যাওঁ।” তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গ’ল।