Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 21

যোহন 21:18-24

Help us?
Click on verse(s) to share them!
18মই তোমাক সঁচাকৈ কওঁ, তুমি ডেকা কালত, নিজে নিজৰ কঁকাল বান্ধি, য’লৈকে ইচ্ছা ত’লৈকে গৈছিলা; কিন্তু যেতিয়া তুমি বুঢ়া হ’বা, তেতিয়া হাত মেলিবা আৰু অান লোকে তোমাৰ কঁকাল বান্ধি, তোমাৰ য’লৈ যাবৰ ইচ্ছা নাই, ত’লৈকে তোমাক লৈ যাব।”
19তেতিয়া যীচুৱে এই সকলো কথাৰে বুজাই দিলে যে, তেওঁ কেনে মৰণেৰে ঈশ্বৰক মহিমান্বিত কৰিব। এইদৰে কোৱাৰ পাছত যীচুৱে তেওঁক ক’লে, “মোৰ পাছে পাছে আহা।”
20তেতিয়া পিতৰে মূখ ঘূৰাই, যি জনে ৰাতিৰ ভোজনৰ সময়ত, যীচুৰ বুকুলৈ হাউলি গৈ সুধিছিল, ‘হে প্ৰভু, আপোনাক শত্ৰুৰ হাতত কোনে শোধাই দিব?’ যীচুৰ সেই প্ৰিয় শিষ্যক পাছে পাছে অহা দেখিলে।
21তাতে পিতৰে তেওঁক দেখি, যীচুক সুধিলে, “হে প্ৰভু, এই মানুহ জনৰ কি অৱস্থা হ’ব?”
22তেতিয়া যীচুৱে ক’লে, “‘মই অহালৈকে তেওঁ যদি জীয়াই থাকে’, মই যদি এনেদৰে থকাটো ইচ্ছা কৰোঁ, তেনেহলে তাৰ পৰা তোমাৰ কি হ’ব? তুমি মোক অনুসৰণ কৰা।”
23এই কথা ভাই সকলৰ মাজত বিয়পি গ’ল; সেই শিষ্য নমৰিব বুলি যীচুৱে তেওঁক কোৱা নাই; কিন্তু ‘মই অহালৈকে তেওঁ যদি জীয়াই থাকে, মই যদি এনেদৰে থকাটো বিচাৰো, তেনেহলে তাত তোমাৰ কি কাম?’ অকল ইয়াকেহে কৈছিল।
24যি জনে এইবোৰৰ বিষয়ে সাক্ষ্য দিছে আৰু এইবোৰ লিখিলে, এৱেঁই সেই শিষ্য; আমি জানো যে, তেওঁৰ সাক্ষ্য সত্য।

Read যোহন 21যোহন 21
Compare যোহন 21:18-24যোহন 21:18-24