5ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকোঁ, সেই জন বহু ফলৱান হয়; কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা।
6কোনোৱে যদি মোৰ লগত নাথাকে, তেনেহ’লে তেওঁক শুকান ডালৰ দৰে বাহিৰলৈ পেলোৱাত, সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে সেইবোৰ পোৰা যায়।
7তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেনেহ’লে যি ইচ্ছা কৰা, তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হব।
8ইয়াতে মোৰ পিতৃ মহিমান্বিত হয়, তোমালোকে অধিক ফল ধৰি নিজকে প্ৰমাণ কৰা যে, তোমালোক মোৰ প্ৰকৃত শিষ্য।
9পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, ময়ো তোমালোকক তেনেকৈ প্ৰেম কৰিলোঁ; তোমালোকে মোৰ প্ৰেমতে থাকা।
10যদি মোৰ আজ্ঞা পালন কৰা, তেনেহলে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি, তেওঁৰ প্ৰেমত থাকোঁ; তোমালোকো তেনেকৈ তেওঁৰ প্ৰেমতে থাকিবা।