Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 1

যিহো 1:7-14

Help us?
Click on verse(s) to share them!
7মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা।
8এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
9মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
10তেতিয়া যিহোচূৱাই লোকসকলৰ বিষয়াসকলক আজ্ঞা দি ক’লে,
11“তোমালোকে চাউনিৰ মাজেদি গৈ লোকসকলক এই আজ্ঞা কৰা, ‘তোমালোক প্ৰত্যেকে নিজৰ কাৰণে বাটৰ সম্বল যুগুত কৰা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ বাবে তিনি দিনৰ ভিতৰত তোমালোকে সেই যৰ্দ্দন নদী পাৰ হৈ যাব লাগিব’।”
12তাৰ পাছত যিহোচূৱাই ৰূবেণীয়া আৰু গাদীয়াসকলক আৰু মনচিৰ ফৈদৰ আধাভাগ লোকক ক’লে,
13“যিহোৱাৰ দাস মোচিয়ে দিয়া আজ্ঞাত কোৱা বাক্য তোমালোকে সোঁৱৰা যে, ‘তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক জিৰণি ল’বলৈ তোমালোকক এই দেশ দিছে।’
14মোচিয়ে তোমালোকক দিয়া দেশত তোমালোকৰ ল’ৰা, তিৰোতা আৰু তোমালোকৰ পশুবোৰ যৰ্দ্দনৰ পূব পাৰে থাকিব৷ কিন্তু তোমালোকৰ আটাই পৰাক্ৰমী বীৰপুৰুষসকলে সাজু হৈ তেওঁলোকৰ আগে আগে গৈ,

Read যিহো 1যিহো 1
Compare যিহো 1:7-14যিহো 1:7-14