Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিচ - যিচ 10

যিচ 10:16-33

Help us?
Click on verse(s) to share them!
16এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
17যিহোৱাৰ জ্যোতি ইস্ৰায়েলৰ অগ্নিস্বৰূপ হ’ব, আৰু তেওঁৰ পবিত্ৰ জনা অগ্নিশিখা হ’ব; সেই দিনতে তেওঁৰ কাঁইটীয়া বন আৰু কাঁইটীয়া বননি জ্বলাই গ্রাস কৰিব।
18যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি, আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব; ৰোগী মানুহৰ জীৱন অপব্যয় হোৱৰ দৰে ই পতিত হ’ব।
19তেওঁৰ অৰণ্যৰ অৱশিষ্ট গছ ইমান তাকৰ হ’ব যে, সৰু লৰা-ছোৱালীয়েও তাক গণনা কৰিব পাৰিব।
20সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব।
21যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব।
22কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।
23কাৰণ বাহিনীসকলৰ প্ৰভু যিহোৱাই সমগ্র পৃথিৱীত ধ্বংস আনিবলৈ সিদ্ধান্ত লৈছে।
24এই হেতুকে বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে মোৰ চিয়োন-নিবাসী লোকসকল, যদিও অচুৰে তোমালোকক দণ্ডৰে প্ৰহাৰ কৰিব, আৰু মিচৰনিবাসী সকলে কৰাৰ দৰে তোমালোকৰ বিৰুদ্ধে লাখুটি দাঙিব, তথাপি অচুৰলৈ ভয় নকৰিবা।
25তেওঁলোকক ভয় নকৰিবা, কাৰণ ক্ষন্তেক সময়ৰ পাছতেই তোমালোকৰ বিৰুদ্ধে থকা মোৰ ক্রোধৰ অন্ত পৰিব, আৰু মোৰ ক্ৰোধ তেওঁৰ বিনাশলৈ গতি কৰিব।
26ওৰেবৰ শিলত যেতিয়া মিদিয়নক পৰাজিত কৰিব, তেতিয়া বাহিনী সকলৰ যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে চাবুক ব্যৱহাৰ কৰিব। তেওঁ সাগৰৰ ওপৰত তেওঁৰ লাখুটি দাঙিব, আৰু তেওঁ মিচৰত দঙাৰ দৰে তাক দাঙিব।
27সেই দিনা তোমালোকৰ কান্ধৰ পৰা তেওঁৰ বোজা আৰু তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি তোলা হ’ব, আৰু তোমালোকৰ ডিঙি অধিক শকত হোৱাৰ কাৰণে যুৱলি ধ্বংস হ’ব।
28শত্রুবোৰ অয়ৎলৈ আহিল, আৰু মিগ্ৰোণৰ মাজেদি আহিল; তেওঁ মিকমচত তেওঁ বিধান সংৰক্ষিত কৰিলে।
29তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে। ৰামা কঁপিছে, চৌলৰ গিবিয়া পলাইছে।
30হেগল্লীম জীয়াৰী, তুমি জোৰকৈ চিঞৰা! হে লয়িচা, মনোযোগ দিয়া! হে দুর্ভগীয়া অনাথোত!
31মদমেনা পলৰীয়া; গেবিম নিবাসীসকল নিৰাপত্তাৰ কাৰণে দৌৰা।
32এই বিশেষ দিনত তেওঁ নোবত ৰ’ব; চিয়োন জীয়াৰীৰ পৰ্ব্বতত, যিৰূচালেমৰ পাহাৰত হাতৰ মুঠি জোকাৰিব।
33চোৱা বাহিনী সকলৰ যিহোৱা প্ৰভুৱে ভয়ানক মৰ মৰ শব্দেৰে ডাল কাটি পেলাব; ওখ গছবোৰ কাটি পেলোৱা হ’ব, আৰু সূউচ্চবোৰক তল কৰা হ’ব।

Read যিচ 10যিচ 10
Compare যিচ 10:16-33যিচ 10:16-33