Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - মাৰ্ক - মাৰ্ক 6

মাৰ্ক 6:7-25

Help us?
Click on verse(s) to share them!
7যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি,
8এই আদেশ দিলে যে, তেওঁলোকে যেন বাটত যাত্ৰা কৰোঁতে নিজৰ লাখুটি ডালত বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত পিঠা বা জোলোঙা বা টঙালিত পইচা, এইবোৰ নলয়;
9আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক।
10যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে, সেই ঘৰতে থাকিবা।
11কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”
12পাছত তেওঁলোকে ওলাই গৈ মানুহবোৰক মন-পালটন কৰিবলৈ প্রচাৰ কৰিলে;
13বহুত ভূত খেদালে আৰু বহুত নৰিয়া লোকৰ গাত তেল সানি, তেওঁলোকক সুস্থ কৰিলে।
14এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে ক’ব ধৰিলে যে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে”।
15কিন্তু অন্য কিছুমানে ক’লে, “তেওঁ এলিয়া”; আন কোনোবাই কলে, “পুৰণি কালৰ ‌ভাববাদী সকলৰ নিচিনা তেৱোঁ এজন ভাববাদী”।
16কিন্তু হেৰোদে এইবোৰ কথা শুনি কলে, “যোহন, যি জনৰ মই মূৰ ছেদন কৰিলোঁ, তেওঁহে উঠিল”।
17কিয়নো হেৰোদে নিজে মানুহ পঠিয়াই যোহনক ধৰি আনি বন্দীশালত বন্ধ কৰি ৰাখিছিল৷ এইদৰে তেওঁক বন্দী কৰাৰ কাৰণ আছিল হেৰোদিয়া, যি জনী তেওঁৰ নিজ ভাই ফিলিপৰ ভার্যা আছিল আৰু এইজনী হেৰোদিয়াৰ বাবেই তেওঁক বন্দী কৰিছিল; কাৰণ হেৰোদে হেৰোদিয়াক বিয়া কৰাইছিল৷
18আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়”।
19এই কথাৰ কাৰণে হেৰোদিয়া তেওঁৰ বিৰোধী হৈছিল, আৰু তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল।
20কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।
21কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশ-ভোজলৈ নিমন্ত্ৰণ কৰিছিল৷
22তাতে হেৰোদিয়াৰ আপোন জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক ক’লে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম”।
23আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
24তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ ক’লে, “যোহন বাপ্তাইজকৰ মূৰ।”
25তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি ক’লে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন থালত আনি মোক দিয়াটো ইচ্ছা কৰোঁ।”

Read মাৰ্ক 6মাৰ্ক 6
Compare মাৰ্ক 6:7-25মাৰ্ক 6:7-25