Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 1

বিচাৰ 1:15-20

Help us?
Click on verse(s) to share them!
15তাই উত্তৰ দিলে, “দেউতা, আপুনি মোক এক আশীৰ্ব্বাদ দিয়ক; কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক।” এই কথা শুনি কালেবে তাইক সেই ঠাইৰ ওপৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে।
16মোচিৰ শহুৰেকৰ বংশৰ সন্তান সকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।
17যিহূদা বংশৰ লোক সকলে তেওঁলোকৰ ভাই চিমিয়োন বংশৰ লোক সকলৰ লগত গৈ চফৎ চহৰৰ বাসিন্দা কনানীয়াসকলক আক্রমণ কৰিলে আৰু সেই চহৰ সম্পূর্ণকৈ বিনষ্ট কৰিলে। এই কাৰণতে সেই চহৰৰ নাম দিয়া হ’ল হৰ্মা।
18যিহূদা বংশই গাজা, অস্কিলোন, ইক্ৰোণ চহৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ দখল কৰিলে।
19যিহোৱা যিহূদা বংশৰ লোকসকলৰ সঙ্গত আছিল। তেওঁলোকে পাহাৰী এলেকাবোৰ দখল কৰি নিছিল হয়, কিন্তু সমতল ভূমিৰ নিবাসীসকলক খেদাব পৰা নাছিল, কাৰণ তেওঁলোকৰ লোহাৰ ৰথ আছিল।
20মোচিৰ আজ্ঞা অনুসাৰে হিব্রুণ চহৰ কালেবক দিয়া হ’ল। অনাকৰ তিনিটা পুতেকক কালেবে হিব্ৰোণৰ পৰা খেদাই দিলে।

Read বিচাৰ 1বিচাৰ 1
Compare বিচাৰ 1:15-20বিচাৰ 1:15-20