Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 9

পাঁচনি 9:22-32

Help us?
Click on verse(s) to share them!
22কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে।
23এনেদৰে বহু দিনৰ পাছত ইহুদী সকলে তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলে৷
24আৰু তেওঁলোকে তেওঁক বধ কৰিবলৈ দিনে-ৰাতিয়ে দুৱাৰ বোৰত খাপ দি থাকিল; কিন্তু চৌলে তেওঁলোকৰ চক্ৰান্ত বুজি পালে৷
25তাৰ পাছত তেওঁৰ শিষ্য সকলে ৰাতিতেই তেওঁক পাচিত ভৰাই, গড়েদি নমাই দিলে।
26পাছত চৌলে যিৰূচালেমলৈ গৈ শিষ্য সকলৰ লগ লবলৈ চেষ্টা কৰাত, সকলোৱে তেওঁলৈ ভয় কৰিলে, আৰু তেওঁ যে শিষ্য হয়, ইয়াকো বিশ্বাস নকৰিলে।
27কিন্তু বাৰ্ণব্বাই তেওঁক পাঁচনি সকলৰ আগলৈ আনিলে৷ ইয়াৰ পাছত দম্মেচকৰ পথত কেনেকৈ চৌলে প্ৰভুক দেখা পাইছিল, আৰু প্ৰভুৱে তেওঁৰ আগত কি কথা কৈছিল, আৰু তেওঁ কেনেকৈ দম্মেচকত যীচুৰ নামত সাহসেৰে প্ৰচাৰ কৰিছিল, সেই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰিলে।
28চৌলে তেওঁলোকৰ লগত যিৰূচালেমত অহা-যোৱা কৰি প্ৰভু যীচুৰ নামেৰে সাহসেৰে প্ৰচাৰ কৰিলে।
29তাতে তেওঁ গ্ৰীকভাষী ইহুদী সকলৰ সৈতে কথোপকথন আৰু বাদ-বিবাদ কৰিলে, কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰি আছিল।
30ভাই সকলে এই বিষয়ে জানিবলৈ পোৱাত তেওঁক চীজাৰিয়ালৈ নি তাৰ্চ নগৰলৈ পঠাই দিলে।
31সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷
32তাৰ পাছত পিতৰে ঠায়ে ঠায়ে ফুৰি লুদ্দা নগৰৰ নিবাসী পবিত্ৰ লোক সকলৰ ওচৰ পালেগৈ৷

Read পাঁচনি 9পাঁচনি 9
Compare পাঁচনি 9:22-32পাঁচনি 9:22-32