1ইয়াৰ পাছত পৌলে আথিনী এৰি কৰিন্থলৈ গ’ল।
2তাতে তেওঁ পন্ত দেশত জন্মা আক্কিলা নামৰ এজন ইহুদীক দেখা পালে; সেই সময়ত তেওঁ, তেওঁৰ ভার্যা প্ৰিষ্কিলাক লৈ ইটালী দেশৰ পৰা আহিছিল, কাৰণ ক্লৌদিয়ই সকলো ইহুদীকে ৰোম এৰি যাবলৈ নির্দেশ দিছিল। পৌল তেওঁলোকৰ ওচৰলৈ আহিল।
3তেওঁলোক যিহেতু ব্যৱসায়ত পৌলৰ দৰে তম্বু বনোৱা লোক আছিল, সেয়েহে পৌলে তেওঁলোকৰ লগতে থাকি কাম কৰিবলৈ ধৰিলে।
4প্রত্যেক বিশ্রামবাৰে পৌলে নাম-ঘৰত যুক্তি-পৰামর্শৰে ইহুদী আৰু গ্রীক সকলক বিশ্ৱাস কৰিবলৈ প্রত্যয় জন্মায়।