22তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে কাদেচৰ পৰা যাত্ৰা কৰি হোৰ পৰ্ব্বত পালেগৈ।
23তেতিয়া ইদোম দেশৰ সীমাৰ ওপৰত থকা হোৰ পৰ্ব্বতত যিহোৱাই মোচি আৰু হাৰোণক কথা ক’লে,
24“হাৰোণক নিজ লোকসকলৰ লগলৈ নিয়া হ’ব; কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশত তেওঁ সোমাব নোৱাৰিব। কাৰণ মিৰীবা জলৰ ওচৰত তোমালোক দুয়োই মোৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা।
25তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰক হোৰ পৰ্ব্বতলৈ লৈ যোৱা।
26আৰু হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধোৱা। হাৰোণক নিজ লোকসকলৰ লগত নিয়া হ’ব, আৰু তেওঁ সেই ঠাইতে মৰিব।”
27তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে কৰিলে। তেওঁলোকে গোটেই সমাজৰ আগতে হোৰ পৰ্ব্বতলৈ উঠি গ’ল।
28আৰু মোচিয়ে হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধালে। আৰু হাৰোণ সেই পৰ্ব্বতৰ টিঙত থকা ঠাইতে মৰিল। পাছে মোচি আৰু ইলিয়াজৰ পৰ্ব্বতৰ পৰা নামি আহিল।