Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 1

গননা 1:4-16

Help us?
Click on verse(s) to share them!
4প্ৰত্যেক ফৈদৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্রধান লোক, তেওঁলোকৰ নিজ নিজ ফৈদৰ বিষয়া হিচাবে তোমালোকৰ লগত সহায় কৰোঁতা হ’ব লাগিব। সেই প্রত্যেকজন বিষয়াই নিজ নিজ ফৈদৰ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ব দিব।
5যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোঁতা লোকসকলৰ নামবোৰ হ’ল: ৰূবেণ ফৈদৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ।
6চিমিয়োন ফৈদৰ পৰা চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল।
7যিহূদা ফৈদৰ পৰা অম্মীনাদবৰ পুত্ৰ নহচোন।
8ইচাখৰ ফৈদৰ পৰা চূৱাৰৰ পুত্ৰ নথনেল।
9জবূলূন ফৈদৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব।
10যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰয়িম ফৈদৰ পৰা অম্মীহূদৰ পুত্ৰ ইলীচামা, আৰু আন এজন হ’ল, মনচি ফৈদৰ পৰা পদাচূৰৰ পুত্ৰ গম্লীয়েল।
11বিন্যামীন ফৈদৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান।
12দান ফৈদৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ।
13আচেৰ ফৈদৰ পৰা আক্ৰণৰ পুত্ৰ পগীয়েল।
14গাদ ফৈদৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াচফ।
15নপ্তালী ফৈদৰ পৰা ঐননৰ পুত্ৰ অহীৰা।
16এইসকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃ-বংশৰ অধ্যক্ষ আৰু ইস্ৰায়েলৰ গোষ্ঠীসকলৰ প্রধান লোক।

Read গননা 1গননা 1
Compare গননা 1:4-16গননা 1:4-16