4আৰু সাক্ষাৎ কৰা তম্বুত যি ঠাইত মই তোমালোকেৰে সৈতে সাক্ষাৎ হওঁ, সেই ঠাইতে সাক্ষ্য-ফলিৰ চন্দুকৰ আগত সেই সকলোকে থবা।
5পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব। তাতে ইস্ৰায়েলৰ সন্তান সকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম।”
6পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই কথাবোৰ ক’লে। তেওঁলোকৰ অধ্যক্ষসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ বাবে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি তেওঁক দিলে। আৰু হাৰোণৰ লাখুটি তেওঁলোকৰ লাখুটিবোৰৰ মাজত আছিল।
7তাতে মোচিয়ে সেই সকলো লাখুটি লৈ, সাক্ষ্য-ফলি থকা তম্বুত যিহোৱাৰ আগত হ’ল।