8তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”
9তাতে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ প্ৰস্থান কৰিলে।
10পাছে তম্বুৰ ওপৰৰ পৰা মেঘ গুচিলত, চোৱা, মিৰিয়মৰ গাত হিমৰ দৰে কুষ্ঠৰোগ হ’ল - তেতিয়া হাৰোণে মিৰিয়মৰ ফাললৈ মুখ ঘূৰাই চাই তেওঁক কুষ্ঠৰোগ হোৱাতো তেওঁ দেখিলে।
11তেতিয়া হাৰোণে মোচিক ক’লে, “হায় হায় মোৰ প্ৰভু, আমি মুৰ্খৰ দৰে কাৰ্য কৰি যি পাপ কৰিলোঁ, বিনয় কৰিছোঁ, সেই পাপৰ ফল আমাক ভোগ কৰিবলৈ নিদিয়ক।
12মাকৰ গৰ্ভৰ পৰা ওলোৱা কালত যাৰ মাংস আধা নষ্ট, এনে মৰা গৰ্ভফলৰ দৰে এওঁক হ’বলৈ নিদিয়ক।”
13তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “হে ঈশ্বৰ, বিনয় কৰিছোঁ, এওঁক সুস্থ কৰক।”
14পাছত যিহোৱাই মোচিক ক’লে, “তেওঁৰ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহলে তেওঁৰ জানো সাত দিনলৈকে লাজ কৰি নাথাকিলহেঁতেন? এই হেতুকে তেওঁ সাত দিন ছাউনিৰ বাহিৰে বন্ধ হৈ থাওঁক, পাছত তেওঁক পুনৰায় ভিতৰলৈ আনিবা।”
15তেতিয়া মিৰিয়মক সাদিন ছাউনিৰ বাহিৰত বন্ধ কৰি ৰখা হ’ল; যেতিয়ালৈকে মিৰিয়মক ভিতৰলৈ অনা নহ’ল, তেতিয়ালৈকে লোকসকলে যাত্ৰা নকৰিলে।