Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - উপ - উপ 5

উপ 5:13-18

Help us?
Click on verse(s) to share them!
13সূৰ্যৰ তলত মই এক ভীষণ দুখৰ বিষয় দেখিলোঁ: ঐশ্বর্যৰ গৰাকীয়ে নিজৰ দুর্দশাৰ কাৰণেহে ধন জমা কৰি ৰাখে।
14দুৰ্ঘটনাত সেই ধন ধ্বংস হৈ যায়। তাতে তেওঁৰ পুত্ৰৰ কাৰণে একোৱেই নাথাকে।
15মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।
16ইও এক ভীষণ দুখৰ বিষয় যে, এজন ব্যক্তি যেনেকৈ আহে, তেনেকৈয়ে গুছি যায়; সেয়ে তেওঁৰ কি লাভ? তেওঁতো বতাহক ধৰিবলৈহে পৰিশ্ৰম কৰে।
17তেওঁ অতি পীড়িত হৈ ৰোগ-ব্যাধি আৰু খঙেৰে জীৱন কটায় আৰু গোটেই জীৱনকাল আন্ধাৰত বসবাস কৰে।
18তাৰ পাছত মই উত্তম আৰু উপযুক্তভাৱে থাকিবৰ বাবে ইয়াকে বুজিব পাতিলোঁ: ঈশ্বৰে যি কেইটা দিন মানুহক জীয়াই থাকিবলৈ দিছে, সেই সকলো দিনত খোৱা-বোৱা কৰি থাকিবলৈ আৰু সূর্যৰ তলত কৰা সকলো পৰিশ্রমেৰে সৈতে সন্তুষ্ট উপভোগ কৰিবলৈ দিছে; কিয়নো এয়ে আমাৰ কার্য।

Read উপ 5উপ 5
Compare উপ 5:13-18উপ 5:13-18