Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - উপ - উপ 4

উপ 4:13-16

Help us?
Click on verse(s) to share them!
13এজন অজ্ঞান বৃদ্ধ ৰজা, যিজনে কোনো সতর্কবাণীলৈ কাণ নিদিয়ে আৰু নুবুজেও, তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়।
14সেই যুবক দেশৰ ৰজা হ’বলৈ কাৰাগাৰৰ পৰাও ওলাই আহিব পাৰে নাইবা তেওঁ নিজৰ ৰাজ্যৰ এক দৰিদ্র পৰিয়ালতো জন্ম গ্রহণ কৰিব পাৰে।
15মই দেখিলোঁ যে, যি সকলো জীয়াই আছিল অর্থাৎ সূর্যৰ তলত চলা-ফুৰা কৰি আছিল, তেওঁলোকে সেই বৃদ্ধ ৰজাজনৰ পদত অধিষ্ঠিত হোৱা যুবক ৰজাজনক অনুসৰণ কৰি চলিল।
16এই নতুন ৰজাই নেতৃত্ব দিয়া লোকসকলৰ সীমা নাছিল; কিন্তু পাছত তেওঁলোকৰ অনেকেই তেওঁৰ ওপৰত সন্তুষ্ট নাছিল। ইও অসাৰ, আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা হয়।

Read উপ 4উপ 4
Compare উপ 4:13-16উপ 4:13-16