Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - উপ - উপ 1

উপ 1:13-18

Help us?
Click on verse(s) to share them!
13আকাশৰ তলত যি যি কৰা হয়, তাক জ্ঞানৰ দ্বাৰা পৰীক্ষা আৰু অনুসন্ধান কৰিবৰ কাৰণে মই মনতে স্থিৰ কৰিলোঁ। মই দেখিলোঁ, ঈশ্বৰে মনুষ্যক ব্যস্ত ৰাখিবলৈ ই এক দুর্বহ কার্যভাৰ।
14সূর্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালোঁ; দেখিলোঁ, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা।
15যি বেঁকা তাক পোন কৰিব নোৱাৰি! যি অনুপস্থিত, তাক গণনা কৰা অসাধ্য!
16মই মনে মনে ক’লো, “মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, সেইসকল লোকতকৈ মই অধিক প্ৰজ্ঞা অর্জন কৰিলোঁ; মোৰ মনে প্ৰজ্ঞা আৰু জ্ঞানৰ মহান অভিজ্ঞতা পালে।”
17তাৰ পাছত মই প্রজ্ঞা, উন্মত্ততা আৰু মুৰ্খতা জানিবলৈ মনোযোগ কৰিলোঁ; তাতে মই বুজিলো যে, ইও বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
18কিয়নো প্ৰজ্ঞাৰ বাহুল্যতাত অধিক নৈৰাশ্যতা বাঢ়ে আৰু যিজনে জ্ঞান বৃদ্ধি কৰে, তেওঁ দুখো বৃদ্ধি কৰে।

Read উপ 1উপ 1
Compare উপ 1:13-18উপ 1:13-18