7মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।
8উপদেশকে কৈছে, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ।
9উপদেশক নিজে জ্ঞানী আছিল আৰু তেওঁ লোকসকলকো জ্ঞানৰ শিক্ষা দিছিল। তেওঁ চিন্তা কৰি আৰু পৰীক্ষা কৰি অনেক নীতিবচন ৰচনা কৰিছিল।
10উপদেশকে সত্যৰ ন্যায় বচন প্রাণৱন্ত ৰূপত ব্যৱহাৰ কৰি লিখিবলৈ বিচাৰিছে।
11জ্ঞানী লোকসকলৰ কথা ৰখীয়াৰ তীক্ষ্ন লাঠিডালৰ নিচিনা। তেওঁলোকৰ কথাবোৰ একত্রিত কৰিলে ভাব হয়, সেইবোৰ গভীৰলৈকে হানি যোৱা গজালৰ নিচিনা। সেই সকলো এজন ৰখীয়াৰ দ্বাৰাই দিয়া হৈছে।
12হে মোৰ বোপা, তুমি সতৰ্ক হোৱা; অনেক পুথি লিখাৰ শেষ নাই। অধিক অধ্যয়নে শৰীৰক ক্লান্ত কৰে।