24আপোনৰ দাস মোৰ পিতৃ দায়ূদলৈ আপুনি যি প্ৰতিজ্ঞা কৰিছিল, তাক আপুনি তেওঁলৈ পালন কৰিলে৷ এনে কি আপুনি নিজ মুখেৰে কৈ আজিৰ দৰে নিজ হাতেৰে তাক সিদ্ধও কৰিলে।
25এই হেতুকে এতিয়া হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদক কৈছিল, ‘তুমি মোৰ আগত যেনেকৈ চলিছা, সেইদৰে যদি তোমাৰ সন্তান সকলে মোৰ সন্মুখত চলিবলৈ নিজ নিজ পথত সাৱধান থাকে, তেনেহলে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব’, এইদৰে আপোনাৰ দাসৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞাকে আপোনাৰ এই দাসলৈ পালন কৰক।
26এতিয়া হে ইস্ৰায়েলৰ ঈশ্বৰ, মই বিনয় কৰোঁ, আপোনাৰ দাস মোৰ পিতৃ দায়ূদক আপুনি যি বাক্য কৈছিল, সেয়ে সাম্ফল হওঁক।
27কিন্তু বাস্তৱিকতে ঈশ্বৰে পৃথিৱীত বাস কৰিব নে? চাওঁক, স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই আপোনাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্ম্মাণ কৰা গৃহই জানো পাৰিব!
28তথাপি, এই নিমিত্তে, আপোনাৰ দাসে এই ঠাইৰ ফাললৈ মুখ কৰি কৰা প্ৰাৰ্থনা শুনিবলৈ, আপুনি আপোনাৰ দাসৰ প্ৰাৰ্থনা আৰু মিনতি গ্ৰহণ কৰি, আপোনাৰ দাসে আজি আপোনাৰ আগত কৰা কাতৰোক্তি আৰু প্ৰাৰ্থনালৈ কাণ দিয়ক।
29হে মোৰ ঈশ্বৰ যিহোৱা, এই মন্দিৰৰ ফাললৈ আপোনাৰ চকু দিনে ৰাতিয়ে মুকলি হৈ থাকক, যিদৰে আপুনি কৈছিল বোলে, ‘মোৰ নাম আৰু মোৰ উপস্থিতি তাত হ’ব’ যাতে যিসকলে এই গৃহৰ ফাললৈ মুখ কৰি নিবেদন কৰিব, সেই নিবেদন আপোনালৈ শুনা যাব৷