Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - 1 ৰাজা - 1 ৰাজা 17

1 ৰাজা 17:4-10

Help us?
Click on verse(s) to share them!
4তাতে তুমি সেই জুৰিৰ পানী পান কৰিবলৈ পাবা আৰু সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাৰ কৰিবলৈ মই ঢোঁৰা-কাউৰীবোৰক আজ্ঞা দিলোঁ।”
5তেতিয়া তেওঁ গৈ যিহোৱাৰ বাক্য অনুসাৰে সেই কাৰ্য কৰিলে; তেওঁ গৈ যৰ্দ্দনৰ সন্মুখত থকা কৰীৎ জুৰিৰ কাষত বাস কৰিলে।
6তাতে ঢোঁৰা-কাউৰীবোৰে তেওঁৰ কাৰণে ৰাতিপুৱা আৰু সন্ধিয়া সময়ত পিঠা আৰু মঙহ আনি দিছিল আৰু তেওঁ সেই জুৰিৰ পানী পান কৰিছিল।
7কিন্তু কিছু সময়ৰ পাছত দেশত বৰষুণ নোহোৱাৰ কাৰণে সেই জুৰিৰ পানী শুকাই গ’ল।
8সেই সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল বোলে,
9“তুমি উঠি গৈ চীদোনৰ অধীনত থকা চাৰিফতত বাস কৰাগৈ; আৰু চোৱা, সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাবলৈ মই এজনী বিধৱা মহিলাক আজ্ঞা কৰিলোঁ।”
10তেতিয়া তেওঁ উঠি চাৰিফতলৈ যাত্ৰা কৰিলে, আৰু যেতিয়া তেওঁ সেই নগৰৰ দুৱাৰ-মুখ পালে, তেতিয়া সেই ঠাইত তেওঁ এজনী বিধৱা মহিলাক খৰি বুটলি থকা দেখিলে৷ তেতিয়া তেওঁ তাইক মাতি ক’লে, “বিনয় কৰোঁ, পান কৰিবৰ বাবে মোলৈ এটা পাত্ৰত পানী অলপ আনা।”

Read 1 ৰাজা 171 ৰাজা 17
Compare 1 ৰাজা 17:4-101 ৰাজা 17:4-10