3তাৰ উপৰিও নগৰৰ প্ৰবেশস্থানত, আৰু নগৰৰ দুৱাৰৰ ওচৰত থাকি ৰিঙিয়াই কয়,
4“হে লোকসকল, মই তোমালোকক মাতিছোঁ; আৰু মানৱজাতিৰ সন্তান সকলৰ বাবে মই উচ্ছস্বৰে কওঁ।
5যিসকল শিক্ষিত নহয়, তেওঁলোকে সুবুদ্ধিক বুজা উচিত, আৰু যিসকলে জ্ঞানক ঘিণ কৰে, তেওঁলোকৰ সুবিবেচনাৰ হৃদয় থকা উচিত।
6শুনা, মই উত্তম বিষয়ৰ কথা কওঁ, আৰু যেতিয়া মোৰ মুখ মেলোঁ, তেতিয়া মই সত্য কথা কওঁ।
7কিয়নো মোৰ মুখে বিশ্বাসযোগ্য কথা কয়, আৰু মোৰ ওঁঠে দুষ্টতা ঘিণ কৰে।
8মোৰ মুখৰ সকলো কথা ন্যায়পৰায়ণ; সেইবোৰৰ মাজত বিকৃত, বা বিভ্রান্তিজনক বিষয়ৰ কথা নাথাকে।
9যি সকলে বুজি পাই, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ স্পষ্ট; যি সকলে জ্ঞান লাভ কৰে, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ সত্য।
10ৰূপতকৈ মোৰ শিক্ষা, আৰু শুদ্ধ সোণতকৈয়ো জ্ঞান গ্ৰহণ কৰা।
11কিয়নো প্রজ্ঞা পদ্মৰাগতকৈয়ো উত্তম, তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি।