7তৃপ্ত হোৱা জনে মৌ চাককো ঘিণ কৰে; কিন্তু ক্ষুধাতুৰ লোকৰ বাবে সকলো তিতা বস্তুও মিঠা।
8নিজৰ বাহৰ পৰা ভ্ৰমি ফুৰা চৰাই যেনে, নিজৰ থকা ঠাইৰ পৰা পথভ্ৰষ্ট হোৱা মানুহ তেনে।
9সুগন্ধ দ্রব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে, কিন্তু বন্ধুৰ পৰামৰ্শতকৈ তেওঁৰ আন্তৰিকতা শ্রেষ্ঠ।
10তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা, আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা। দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল।
11হে মোৰ পুত্র, জ্ঞানৱান হোৱা, আৰু মোৰ হৃদয়ক আনন্দিত কৰা। তাৰ পাছত মই বিদ্রূপ কৰা সকলক উত্তৰ দিম।
12দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়; কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়।
13যি জনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; আৰু অচিনাকী লোকৰ বাবে নিৰাপত্তা স্বৰূপে ধন লোৱা।
14যি কোনোৱে ৰাতিপুৱাতে উচ্চস্বৰে নিজৰ চুবুৰীয়াক আশীৰ্ব্বাদ কৰে, সেই আশীৰ্ব্বাদ শাও ৰূপেহে গণ্য হয়।
15এজনী দ্বন্দুৰী ভাৰ্যা বৰষুণৰ দিনত টোপ টোপকৈ পানী পৰাৰ দৰে হয়।