3দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।
4যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।
5কুটিল লোকৰ পথত কাঁইট আৰু প্রৱঞ্চনাৰ ফান্দ থাকে; যিজনে নিজৰ আত্মা ৰক্ষা কৰে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে।
6সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।