13এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইত মোক বধ কৰিব।”
14ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।
15সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে; কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে।
16নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।