15যেতিয়া ন্যায় বিচাৰ হয়, তেতিয়া ন্যায় কৰা জনে আনন্দ পায়; কিন্তু কুকৰ্ম কৰা জনলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।
16যি জনে বিবেচনা শক্তিৰ পথৰ পৰা ভ্ৰমি ফুৰে, সেই জনে মৃত সকলৰ সমাজত জিৰণী ল’ব।
17যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব; আৰু যি জনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনৱান নহ’ব।