14তোমাৰ লুট কৰা বস্তু আমাৰ সৈতে একেলগ কৰা, আমাৰ সকলোৰে এখনেই মোনা হ’ব।”
15হে মোৰ পুত্র, তেওঁলোকৰ পথত তুমি নাযাবা; তেওঁলোকৰ পথত তোমাৰ খোজ নিদিবা।
16তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে; আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে।
17যি সময়ত চৰাইয়ে চাই থাকে; সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা।
18সেই লোকসকলে নিজকে নিজেই ৰক্তপাত কৰিবলৈ খাপ দি থাকে; তেওঁলোকে নিজেই নিজৰ বাবে ফাঁন্দ পাতে।
19সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়।
20প্রজ্ঞাই পথত চিঞৰি ক্রন্দন কৰে, তেওঁ মুকলি ঠাইত উচ্চস্বৰে কথা কয়।
21তেওঁ কোলাহলপূৰ্ণ ঘাই পথত ক্রন্দন কৰে, নগৰৰ প্রবেশ দুৱাৰত তেওঁ কয়,
22“হে প্রজ্ঞা নথকা লোকসকল, কিমান দিন তোমালোকে নুবুজা কথাবোৰ ভাল পাই থাকিবা? হে নিন্দকসকল কিমান দিন তোমালোকে নিন্দা কৰি সন্তুষ্ট হবা? আৰু হে অজ্ঞানীসকল কিমান দিন জ্ঞানক ঘিণ কৰিবা?