Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 18

হিতো 18:9-15

Help us?
Click on verse(s) to share them!
9আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে, তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে।
10যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
11ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ; আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে।
12পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।
13যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।
14মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব; কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে?
15বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, আৰু জ্ঞানী লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়।

Read হিতো 18হিতো 18
Compare হিতো 18:9-15হিতো 18:9-15