13যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।
14মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব; কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে?
15বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, আৰু জ্ঞানী লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়।
16মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে, আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়।
17যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়;
18চিঠি-খেলে বিবাদ সমাপ্ত কৰে, আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে।
19দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান; আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে।
20নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়; আৰু তেওঁৰ ওঁঠৰ শস্যৰে তেওঁ সন্তুষ্ট হয়।
21জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।