13দুখৰ সময়তো হৃদয়ে হাঁহিব পাৰে, আৰু আনন্দ শেষত দুখলৈ পৰিণত হ’ব পাৰে।
14যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব; কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।
15যি জন শিক্ষিত নহয়, তেওঁ সকলো বিশ্বাস কৰে; কিন্তু দূৰদৰ্শী লোকে নিজৰ খোজ চিন্তা কৰে।
16জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে; কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে।
17ক্ষন্তেকতে খং উঠা লোকে অজ্ঞানীৰ দৰে কাম কৰে; আৰু যিজনে কু-কল্পনা কৰে তেওঁ ঘৃণনীয় হয়।
18অশিক্ষিত লোকৰ মুৰ্খতা বংশানুক্রমে থাকে; কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ।
19যিসকল পাপী, তেওঁলোকে সৎ লোকৰ আগত প্রণিপাত কৰে; আৰু যিসকল দুষ্ট তেওঁলোকে ধাৰ্মিকলোকৰ দুৱাৰ ডলিত প্রণিপাত কৰে।