Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 8

লেবীয়া 8:14-27

Help us?
Click on verse(s) to share them!
14তেতিয়া মোচিয়ে পাপাৰ্থক বলিদানৰ বাবে অনা দমৰা গৰুটো লৈ অহাৰ পাছত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই পাপাৰ্থক গৰুটোৰ মূৰত হাত দিলে।
15তেওঁ তাক কাটিলে আৰু মোচিয়ে তাৰ কিছু তেজ লৈ, আঙুলিৰে বেদীৰ চাৰিওফালৰ শিঙত লগাই বেদীটো পাপৰ পৰা মুক্ত কৰিলে; আৰু বাকী তেজখিনি লৈ, বেদীৰ মূৰত ঢালি দিলে আৰু তাক প্ৰায়চিত্ত কৰি পবিত্ৰ কৰিলে।
16পাছত নাড়ী-ভুৰু লাগি থকা আটাই তেল আৰু কলিজাৰ ওচৰত থকা, তেলীয়া ভাগ, ঘিলা দুটা আৰু তাৰ তেল আতৰোৱাৰ পাছত, মোচিয়ে সেইবোৰ বেদীত দগ্ধ কৰিলে।
17কিন্তু গৰুটো, ইয়াৰ ছাল, মাংস আৰু গোবৰেৰে সৈতে ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
18পাছত মোচিয়ে আন এটা মতা মেৰ হোমবলিৰ বাবে লৈ আহিল; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে মেৰৰ মূৰত হাত দিলে।
19তেওঁ তাক কাটিলে আৰু বেদীৰ চাৰিওঁফালে তাৰ তেজ ছটিয়াই দিলে।
20মোচিয়ে মেৰটো খণ্ড খণ্ড কৰি কাটিলে, আৰু তাৰ মূৰ, আন খণ্ডবোৰ আৰু তেল জুইত পুৰিলে।
21তেওঁ মেৰটোৰ ভিতৰ অংশৰ নাড়ী-ভুৰু আৰু ঠেংকেইখন পানীত ধুলে, আৰু সম্পূৰ্ণ মেৰটো বেদীত পুৰিলে। এয়ে হোম-বলি, সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
22তাৰ পাছত মোচিয়ে দ্বিতীয় মতা মেৰটো আনিলে, এইটো অভিষেকৰ মেৰ; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰৰ মূৰত হাত দিলে।
23হাৰোণে এইটো কটাৰ পাছত, মোচিয়ে ইয়াৰ অলপ তেজলৈ, হাৰোণৰ সোঁ কাণত, মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিটোত লগাই দিলে।
24পাছত তেওঁ হাৰোণৰ পুত্ৰসকলক নিজৰ ওচৰলৈ আনিলে আৰু তেওঁ সেই তেজৰ অলপমান তেওঁলোকৰো সোঁ কাণত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিলে। তাৰ পাছত অৱশিষ্ট তেজখিনি বেদীৰ চাৰিওফালে ছটিয়াই দিলে।
25পাছত তেওঁ তেল খিনি, নেজডাল, নাড়ী-ভুৰুত লাগি থকা আটাই তেল, কলিজা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ, ঘিলা দুটাৰ সৈতে তাৰ তেল আৰু পাছফালৰ সোঁ কৰঙনটো ল’লে।
26আৰু যিহোৱাৰ সন্মূখত থকা খমীৰ নিদিয়া পিঠা, খৰাহিৰ পৰা এটা খমীৰ নিদিয়া বিন্ধা থকা পিঠা আৰু এটা পাতল চকলীয়া পিঠা লৈ, সেই তেল আৰু সোঁ কৰঙনটোৰ ওপৰত হ’ল।
27আৰু হাৰোণ ও তেওঁৰ পুৰোহিতসকলৰ হাতত সেই সকলোকে দি, যিহোৱাৰ সন্মূখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে।

Read লেবীয়া 8লেবীয়া 8
Compare লেবীয়া 8:14-27লেবীয়া 8:14-27