Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 6

লেবীয়া 6:25-30

Help us?
Click on verse(s) to share them!
25“তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা, ‘পাপাৰ্থক বলিদানৰ নিয়ম এই: যি ঠাইত হোমবলি কটা হ’ব, সেই ঠাইতে যিহোৱাৰ সন্মূখত পাপাৰ্থক বলিও কটা হ’ব; সেয়ে অতি পবিত্ৰ।
26যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব, তেৱেঁই তাক ভোজন কৰিব; সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব।
27যিকোনোৱে তাৰ মাংস স্পৰ্শ কৰিব, তেওঁ পবিত্ৰ হ’ব; আৰু যদি তাৰ তেজৰ কিছু কোনো বস্ত্ৰত ছিতা লাগে, তেন্তে তুমি সেই তেজ লগা বস্ত্ৰ কোনো পবিত্ৰ ঠাইত ধুবা।
28কিন্তু যি মাটিৰ পাত্ৰত তাক সিজোৱা হ’ব, তাক ভাঙি পেলাব লাগিব; যদি পিতলৰ পাত্ৰত তাক সিজোৱা হয়, তেন্তে তাক ভালদৰে মাজি পানীত ধুই পৰিষ্কাৰ কৰিব লাগিব।
29পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে ইয়াক ভোজন কৰিব পাৰিব; সেয়ে অতি পবিত্ৰ।
30আৰু পবিত্ৰ স্থানত প্ৰায়শ্চিত্ত কৰিবৰ বাবে যি পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ’ব, সেই বলিৰ অলপো ভোজন কৰা নহব; তাক জুইত পুৰি পেলোৱা হ’ব।

Read লেবীয়া 6লেবীয়া 6
Compare লেবীয়া 6:25-30লেবীয়া 6:25-30