2অথবা কোনো অশুচি বনৰীয়া জন্তুৰ শৱ বা অশুচি ঘৰচীয়া পশুৰ শৱ আৰু অশুচি উৰগ আদি জন্তুৰেই হওঁক, যিটোক ঈশ্বৰে অশুচি কৰিলে, তাক যদি কোনোবাই কোনো অশুচি বস্তু বুলি নজনাকৈ স্পৰ্শ কৰি আনুষ্ঠানিকভাবে অশুচি হয়, তেন্তে তেওঁ দোষী হ’ব।
3বা মানুহৰ যিকোনো ধৰণৰ অশৌচ হওঁক, তাক যদি কোনোৱে নজনাকৈ স্পৰ্শ কৰে, তেন্তে তেওঁ সেই বিষয়ে জানিলে দোষী হ’ব।
4বা মানুহে অবিবেচনাৰে যি যি বিষয় শপত লয়, সেই সেই বিষয়ে ভাল কাৰ্যই হওঁক বা বেয়া কাৰ্যই হওঁক, কৰিম বুলি যদি কোনোৱে নিজ ওঁঠেৰে অবিবেচনাৰে, আগলৈ কি হব তাক নজনাকৈ শপত খায়, তেন্তে তেওঁ তাক জানিলে, সেই সেই বিষয়ত তেওঁ দোষী হব।
5আৰু সেই বিষয়বোৰৰ কোনো বিষয়ত যেতিয়া কোনোজন দোষী হয়, তেতিয়া তেওঁ নিজ পাপ অৱশ্যে স্বীকাৰ কৰিব লাগিব।
6তেওঁ নিজে কৰা পাপৰ দণ্ডস্বৰূপে পাপাৰ্থক বলিদানৰ বাবে, জাকৰ পৰা এজনী চেঁউৰী মেৰ-ছাগ বা চেঁউৰী ছাগলী যিহোৱাৰ উদ্দেশ্যে আনিব; আৰু পুৰোহিতে তেওঁৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব।