9যেতিয়া তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত, খেতিৰ চুকত থকা শস্য সম্পূৰ্ণৰূপে শেষ নকৰাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা।
10আৰু নিজ নিজ দ্ৰাক্ষাবাৰীৰ এৰি যোৱা দ্ৰাক্ষাফল নিছিঙিবা আৰু দ্ৰাক্ষাবাৰীৰ সৰি পৰা দ্ৰাক্ষাফল নুবুটলিবা; তুমি দুখীয়া আৰু বিদেশীৰ কাৰণে তাক এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
11তোমালোকে চুৰ নকৰিবা। মিছা কথা নকবা। আৰু ইজনে সিজনক নঠগাবা।
12আৰু তুমি মোৰ নাম লৈ মিছা শপত খাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। মই যিহোৱা।
13তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।
14তুমি কলাক শাও নিদিবা আৰু অন্ধৰ আগত উজুতি খোৱা মুঢ়া নথবা, কিন্তু তোমাৰ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
15তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।
16তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ’বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্রাণ হত্যাকাৰী নহ’বা; মই যিহোৱা।