Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 19

লেবীয়া 19:25-31

Help us?
Click on verse(s) to share them!
25আৰু গছে ফল উৎপন্ন কৰি থাকিবৰ কাৰণে, তোমালোকে পঞ্চম বছৰত তাৰ ফল খাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
26তোমালোকে তেজেৰে সৈতে একো মঙহ নাখাবা। শুভ অশুভ লক্ষণ নামানিবা আৰু গণকৰ বিদ্যা ব্যৱহাৰ নকৰিবা।
27তোমালোকে নিজ নিজ মূৰৰ চুলি ঘুৰণীয়াকৈ নাকাটিবা আৰু নিজ নিজ দাড়িৰ চুক অশুৱনীকৈ নুখুৰাবা।
28আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট-কুট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা।
29তুমি নিজ জীয়েৰাক বেশ্যা হ’বলৈ দি তাইক ভ্ৰষ্ট নকৰিবা; কিয়নো তেনে কৰিলে দেশ ব্যভিচাৰত পতিত হ’ব আৰু দেশ দুষ্টতাৰে পৰিপূৰ্ণ হ’ব।
30তোমালোকে মোৰ বিশ্ৰাম দিন পালন কৰিবা আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা; মই যিহোৱা।
31ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ ফালে মুখ নকৰিবা; নিজকে অশুচি কৰিবৰ কাৰণে তেওঁলোকক সুধিবলৈ তেওঁলোকৰ ওচৰলৈ নাযাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।

Read লেবীয়া 19লেবীয়া 19
Compare লেবীয়া 19:25-31লেবীয়া 19:25-31