Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 17

লেবীয়া 17:5-10

Help us?
Click on verse(s) to share them!
5ইয়াৰ অভিপ্ৰায় এই, যে, ইস্ৰায়েলৰ সন্তান সকলে মুকলি পথাৰত যি যি পশু বলিদান কৰে, সেই সকলোকে তেওঁলোকে যেন সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ উদ্দেশ্যে পুৰোহিতৰ ওচৰলৈ আনি, যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰে।
6পুৰোহিতে সেই মঙ্গলাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত যিহোৱাৰ বেদীৰ ওপৰত ছটিয়াব আৰু তাৰ তেলখিনি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দগ্ধ কৰিব।
7তেওঁলোকে যি ছাগলীৰ মূর্তিৰ অনুগামী হৈ ব্যভিচাৰ কৰি আহিছে, সেইবোৰৰ উদ্দেশ্যে আৰু বলিদান কৰিব নালাগে। এয়ে তেওঁলোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি হ’ব’।
8আৰু তুমি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল-বংশীয় যি কোনো লোক বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশী জনে নিজৰ হোম-বলি বা মঙ্গলাৰ্থক বলি,
9যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ ননাকৈ উৎসৰ্গ কৰিব, সেই লোকজন নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।
10ইস্ৰায়েল বংশীয় যিকোনো লোক এজনে বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশীয়ে কোনো প্ৰকাৰৰ তেজ খাব, মই সেই তেজ খোৱা জনৰ পৰা বিমুখে থাকিম আৰু তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।

Read লেবীয়া 17লেবীয়া 17
Compare লেবীয়া 17:5-10লেবীয়া 17:5-10