Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 15

লেবীয়া 15:2-10

Help us?
Click on verse(s) to share them!
2“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘কোনো পুৰুষৰ শৰীৰৰ পৰা কোনো ধৰণৰ বৈ থকা সোঁচৰা ৰোগ হ’লে, সেই ৰোগৰ কাৰণে তেওঁ অশুচি হ’ব।
3সেই ৰোগ থকাৰ বাবে তেওঁ অশুচি হৈ থাকিব। তেওঁৰ শৰীৰৰ পৰা সেই ৰোগ বৈ থাকক বা বন্ধ হওঁক, তথাপি তেওঁ অশুচি।
4সেই ৰোগী শোৱা প্ৰত্যেক শয্যা অশুচি আৰু তেওঁ বহা প্ৰত্যেক আসনো অশুচি।
5যিজনে তেওঁৰ শয্যা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীৰে গা ধুব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
6আৰু সেই ৰোগী বহা আসনত যদি কোনোজনে বহে, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
7আৰু যিজনে সেই ৰোগীৰ গা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
8সেই ৰোগীয়ে যদি কোনো মানুহৰ গা’ত থুই পেলায়, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
9আৰু সেই ৰোগী যিকোনো বাহনত উঠিব, সেয়ে অশুচি হ’ব।
10আৰু যিজনে তেওঁৰ তলত থকা কোনো বস্তু চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু যিজনে সেই বস্তু তুলি বৈ নিব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।

Read লেবীয়া 15লেবীয়া 15
Compare লেবীয়া 15:2-10লেবীয়া 15:2-10