Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 14

লেবীয়া 14:1-26

Help us?
Click on verse(s) to share them!
1পাছত যিহোৱাই মোচিক ক’লে,
2“কুষ্ঠৰোগী লোক জন সুস্থ হোৱাৰ দিনা তেওঁৰ শুচি হোৱা নিয়ম এই; তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ’ব।
3তেতিয়া পুৰোহিতে ছাউনিৰ বাহিৰলৈ ওলাই গৈ সেই কুষ্ঠৰোগী জনৰ কুষ্ঠৰোগ যদি সুস্থ হৈছে, তেনেহলে সেই বিষয়ে তেওঁ লক্ষ্য কৰিব।
4তেতিয়া পুৰোহিতে সেই শুচি কৰিব লগা লোকজনৰ কাৰণে দুটা জীয়া শুচি চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন, এই সকলোকে লবলৈ আজ্ঞা দিব।
5আৰু পুৰোহিত জনে তেওঁক মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত সেই দুটা চৰাইৰ এটাক কাটিবলৈ আজ্ঞা কৰিব।
6তাৰ পাছত তেওঁ জীয়া চৰাইটো, এৰচ কাঠডোখৰ আৰু এচোব বন কোচা, এই সকলোকে লৈ সেই নিৰ্মল পানীৰ ওপৰত কটা চৰাইটোৰ তেজত জীয়া চৰাইটোৰে সৈতে জুবুৰিয়াই দিব।
7তেতিয়া কুষ্ঠ ৰোগৰ পৰা শুচি হ’বলগীয়া লোক জনৰ ওপৰত সাতবাৰ এই পানী ছটিয়াব, আৰু তেওঁক শুচি বুলি ঘোষণা কৰিব। তাৰ পাছত পুৰোহিত জনে জীয়া চৰাইটো মুকলি পথাৰত উৰুৱাই দিব।
8আৰু সেই শুচি হ’বলগীয়া লোক জনে নিজ বস্ত্ৰ ধুই, চুলি দাড়ি আদি গাৰ আটাই নোম খুৰাই পানীত গা ধুব আৰু তাৰ পাছত তেওঁ শুচি হ’ব। এই বোৰ কৰাৰ পাছত তেওঁ ছাউনিত সোমাব, কিন্তু তেওঁ সাত দিন নিজ তম্বুৰ বাহিৰত থাকিব লাগিব।
9পাছত সপ্তম দিনা তেওঁ নিজ মূৰৰ চুলি, দাড়ি, চেলাউৰি আদি গোটেই গাৰ নোম খুৰাব, আৰু নিজ বস্ত্ৰ ধুই, নিজেও পানীত গা ধুব; তেতিয়া তেওঁ শুচি হ’ব।
10অষ্টম দিনা তেওঁ দুটা নঘূণ মতা মেৰ-ছাগ পোৱালি, এজনী এবছৰীয়া নিঘূণ চেঁউৰী মেৰ-ছাগ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটা গুড়ি ঐফাৰ দহ ভাগৰ তিনিভাগ, আৰু এক “লোগ” তেল ল’ব।
11তাৰ পাছত শুচি কৰোঁতা পুৰোহিত জনে, সেই শুচি হ’বলগীয়া লোক জনক আৰু সেই বস্তুবোৰ লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত যিহোৱাৰ সন্মুখত ৰাখিব।
12পাছত পুৰোহিত জনে সেই মেৰ-ছাগ পোৱালি দুটাৰ এটা পোৱালি, সেই এক “লোগ” তেলেৰে সৈতে দোষাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব, আৰু দোলনীয় নৈবেদ্যৰ অৰ্থে সেইবোৰ যিহোৱাৰ সন্মুখত তুলি দিব।
13আৰু যি ঠাইত পাপাৰ্থক বলি আৰু হোম-বলি কটা যায়, পবিত্ৰ স্থানৰ সেই ঠাইতে সেই মেৰ-ছাগৰ পোৱালিটো কাটিব লাগিব, কিয়নো সেই দোষাৰ্থক বলি পুৰোহিতৰ ভাগ, আৰু সেয়ে অতি পবিত্ৰ।
14পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, সেই শুচি হবলগীয়া মানুহটোৰ সোঁ কাণৰ মুৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব।
15তাৰ পাছত পুৰোহিতে সেই “লোগ” তেলৰ কিছু লৈ নিজৰ বাওঁহাতৰ তলুৱাত ঢালিব;
16আৰু সেই বাওঁ হাতৰ তলুৱাত থকা তেলত নিজ সোঁহাতৰ আঙুলি জুবুৰিয়াই, আঙুলিৰে সেই তেলৰ পৰা অলপ অলপকৈ যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব।
17পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেলৰ কিছু লৈ, শুচি হ’বলগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া দোষাৰ্থক বলিৰ তেজৰ ওপৰত লগাই দিব।
18পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেল খিনি সেই শুচি হ’বলগীয়া লোক জনৰ মূৰত দিব, আৰু পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব।
19তাৰ পাছত পুৰোহিতে পাপাৰ্থক বলিটো উৎসৰ্গ কৰিব, আৰু সেই শুচি হ’বলগীয়া লোকজনৰ অশৌচৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব; তাৰ পাছত হোমবলিটো কাটিব।
20যেতিয়া পুৰোহিতে হোমবলিটো আৰু ভক্ষ্য নৈবেদ্য খিনি বেদীত উৎসৰ্গ কৰিব, তেতিয়া পুৰোহিতে সেই ব্যক্তিক প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁ তেতিয়া শুচি হ’ব।
21কিন্তু যদি সেই লোক জন দৰিদ্ৰ হয়, আৰু এই সকলো বলি আনিবলৈ তেওঁৰ সমৰ্থ নাথাকে, তেতিয়া তেওঁ নিজৰ কাৰণে প্ৰায়চিত্ত কৰিবলৈ দোলনীয় নৈবেদ্যৰ অৰ্থে দোষাৰ্থক বলি স্বৰূপে এটা মতা মেৰ-ছাগ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটাগুড়িৰ ঐফাৰ দহভাগৰ এভাগ এক “লোগ” তেল,
22আৰু নিজৰ সমৰ্থ অনুসাৰে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব; তাৰে এটা পাপাৰ্থক বলি আৰু আনটো হোমবলি হ’ব।
23পাছত অষ্টম দিনা, তেওঁ নিজকে শুচি কৰিবৰ অৰ্থে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ সন্মুখত পুৰোহিতৰ ওচৰলৈ সেইবোৰ আনিব।
24তেতিয়া পুৰোহিতে দোষাৰ্থক বলিৰ কাৰণে সেই মেৰ-ছাগ পোৱালিটো আৰু সেই “লোগ” তেল লৈ, যিহোৱাৰ সন্মুখত দোলনীয় নৈবেদ্যৰ অৰ্থে তুলি দিব।
25পাছত তেওঁ সেই দোষাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটো কাটিব লাগিব; পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, শুচি হ’বলগীয়া লোকজনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব।
26তাৰ পাছত পুৰোহিতে সেই তেলৰ অলপ নিজৰ বাওঁ হাতৰ তলুৱাত বাকিব,

Read লেবীয়া 14লেবীয়া 14
Compare লেবীয়া 14:1-26লেবীয়া 14:1-26