Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 6

লূক 6:3-14

Help us?
Click on verse(s) to share them!
3তাৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিছিল সেই কথা আপোনালোকে জানো পঢ়া নাই?
4তেওঁতো ঈশ্বৰৰ গৃহত সোমাই ঈশ্বৰৰ দর্শন পিঠা লৈ খাইছিল আৰু তেওঁৰ সঙ্গী সকলকো খাবলৈ দিছিল, কিন্তু সেই পিঠা পুৰোহিত সকলৰ বাহিৰে আনে খোৱা বিধান সন্মত নাছিল।”
5যীচুৱে তেওঁলোকক পুনৰ ক’লে, “মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ প্রভু।”
6আন এদিন বিশ্ৰামবাৰত যীচুৱে নাম-ঘৰত সোমাই শিক্ষা দি আছিল; তাত এনে এজন লোক আছিল যি জনৰ সোঁ হাত খন শুকাই গৈছিল।
7বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেয়ে বিশ্রামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল।
8যীচুৱে তেওঁলোকৰ মনৰ ভাব জানিছিল আৰু সেয়ে শুকানহতীয়া মানুহ জনক তেওঁ ক’লে, “তুমি উঠি সকলোৰে মাজত থিয় হোৱা।” তেতিয়া মানুহ জনে সকলোৰে আগত থিয় হ’ল।
9তেতিয়া যীচুৱে অধ্যাপক আৰু ফৰীচী সকলক ক’লে, “মই আপোনালোকক এটা প্রশ্ন সুধো, ‘বিধান অনুসাৰে বিশ্ৰামবাৰে কেনে ধৰণৰ কর্ম কৰা উচিত, ভাল কর্ম কৰা নে বেয়া কৰা? এজনৰ প্ৰাণ বচোঁৱা নে ধ্বংস কৰা উচিত’?”
10তাৰ পাছত চাৰিওফালে বহি থকা লোক সকলক চাই যীচুৱে মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তেওঁ সেই কথা শুনি হাত খন মেলি দিওঁতে, তেওঁৰ হাত খন একেবাৰে ভাল হৈ গ’ল।
11তাতে ফৰীচী আৰু অধ্যাপক সকলৰ ভীষণ খং উঠিল আৰু যীচুক লৈ কি কৰিব পৰা যায় সেই বিষয়ে পৰস্পৰে আলোচনা কৰিবলৈ ধৰিলে।
12সেই সময়তে যীচুৱে এবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গ’ল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল।
13পাছত পোহৰ হোৱাৰ সময়ত, তেওঁ তেওঁৰ শিষ্য সকলক নিজৰ ওচৰলৈ মাতিলে আৰু তেওঁলোকৰ মাজৰ পৰা বাৰ জনক মনোনীত কৰি তেওঁলোকক ‘পাঁচনি’ পদ দিলে।
14সেই পাঁচনি সকলৰ নাম হ’ল- চিমোন, এই জনক তেওঁ পিতৰ নাম দিছিল, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়; যাকোব, যোহন, ফিলিপ, বাৰ্থলময়,

Read লূক 6লূক 6
Compare লূক 6:3-14লূক 6:3-14