Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 18

লূক 18:3-9

Help us?
Click on verse(s) to share them!
3সেই নগৰত এজনী বাৰী মহিলাও আছিল; তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, ‘অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক’।
4তাতে তেওঁ কিছু দিনলৈ সন্মত নহ’ল; কিন্তু পাছত নিজৰ মনতে ক’লে, ‘মই যদিও ঈশ্বৰক ভয় নকৰোঁ, আৰু মানুহকো নামানো,
5তথাপি এই বিধৱা গৰাকীয়ে মোক বাৰে বাৰে আমনি দিয়াৰ কাৰণে, অন্যায়ৰ প্ৰতিকাৰ কৰি উদ্ধাৰ কৰিম; নহলে তেওঁ পুণৰ আহি মোক আমনি দিব’।”
6পাছত প্ৰভুৱে ক’লে, “সেই অধাৰ্মিক বিচাৰকে কি কয়, ‘শুনা।
7তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?’
8মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?”
9ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে।

Read লূক 18লূক 18
Compare লূক 18:3-9লূক 18:3-9