4গালীললৈ যোৱাৰ সময়ত তেওঁ চমৰীয়া প্রদেশৰ মাজেদি যাব লগা হ’ল।
5তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন নগৰলৈ আহিল। এই নগৰ খন যাকোবে তেওঁৰ পুতেক যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল।
6সেই ঠাইতে যাকোবৰ নাদ আছিল। যাত্রা কৰি শ্রান্ত হৈ পৰাত যীচুৱে গৈ সেই নাদৰ দাঁতিত বহিল। তেতিয়া সময় প্রায় ভৰ-দুপৰীয়া আছিল।