Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 21

যোহন 21:8-14

Help us?
Click on verse(s) to share them!
8কিন্তু আন শিষ্যকেইজনে, মাছে সৈতে জাল টানি টানি নাৱেৰে আহিল; তেওঁলোক বাম পাবলৈ বেছি দুৰ নাছিল, কিয়নো তেওঁলোক বামৰ পৰা দুশ হাত মানৰ অধিক আতৰত নাছিল।
9পাছত তেওঁলোক বামত উঠিল, তাতে কয়লাৰ জুইৰ ওপৰত মাছ আৰু পিঠা দেখিলে৷
10যীচুৱে তেওঁলোকক ক’লে, “এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰা কিছুমান মাছ আনাগৈ”।
11তেতিয়া চিমোন পিতৰে নাৱত উঠি, এশ দুইকুৰি তেৰ টা; বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে; ইমানবোৰ মাছ লাগিলতো, জাল নাফাটিল।
12যীচুৱে তেওঁলোকক ক’লে, “আহা তোমালোকে পুৱাৰ আহাৰ ভোজন কৰাহি”। তেতিয়া তেৱেঁই যে প্ৰভু, ইয়াকে জানি ‘তুমি নো কোন?’ এই বুলি সুধিবলৈ শিষ্য সকলৰ মাজৰ কোনো এজনৰ সাহস নহ’ল।
13পাছত যীচুৱে আহি, পিঠা আৰু মাছ লৈ তেওঁলোকক দিলে।
14মৃত লোকৰ মাজৰ পৰা উঠাৰ পাছত, এইদৰে তৃতীয় বাৰ যীচুৱে শিষ্য সকলক দৰ্শন দিলে।

Read যোহন 21যোহন 21
Compare যোহন 21:8-14যোহন 21:8-14