37সেই দুজন শিষ্যই যোহনৰ কথা শুনি যীচুক অনুসৰণ কৰিবলৈ ধৰিলে।
38যীচুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি ক’লে, “তোমালোকক কি লাগে?” তেওঁলোকে যীচুক ক’লে, “ৰব্বি, অৰ্থাৎ গুৰু, আপুনি ক’ত থাকে?”
39যীচুৱে তেওঁলোকক ক’লে, “আহা, চোৱাহি।” তেতিয়া তেওঁলোকে গৈ তেওঁৰ থকা ঠাই চালে আৰু সেইদিনা তেওঁৰ লগতে থাকিল, কাৰণ তেতিয়া প্ৰায় সন্ধিয়া হবলৈ হৈছিল।
40যি দুজনে যোহনৰ কথা শুনি, তেওঁৰ পাছে পাছে গৈছিল তেওঁলোকৰ মাজৰ এজন হৈছে চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়।
41তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”
42আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই ক’লে, “তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।” “কৈফা” নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল।
43পাছদিনা যীচুৱে যেতিয়া গালীল প্ৰদেশলৈ যাবৰ বাবে ইচ্ছা কৰিলে, তেতিয়া যীচুৱে ফিলিপক দেখা পাই ক’লে, “মোৰ পাছে পাছে আহা।”
44ফিলিপ বৈৎ-চৈদা গাৱঁৰ লোক আছিল। আন্দ্রিয় আৰু পিতৰো সেই একে গাৱঁৰে লোক আছিল।