Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 19

যোহন 19:28-36

Help us?
Click on verse(s) to share them!
28ইয়াৰ পাছত যীচুৱে বুজিলে যে সকলো কৰ্ম এতিয়া শেষ হ’ল; সেয়েহে শাস্ত্ৰীয় বচন সিদ্ধ হ’বৰ কাৰণে ক’লে, “মোৰ পিয়াহ লাগিছে”।
29সেই ঠাইত চিৰকাৰে পূৰ হোৱা এটা পাত্ৰ আছিল; তাতে তেওঁলোকে চিৰকাৰে পূৰ হোৱা স্পঞ্জ এডোখৰ এচোব এডালত লগাই, তেওঁৰ মুখত দিলে।
30তাতে যীচুৱে সেই চিৰকা পাই ক’লে, “সিদ্ধ হ’ল”; তাৰ পাছত তেওঁ মূৰ দোৱাই আত্মা অৰ্পণ কৰিলে।
31সেইদিন আয়োজনদিন হোৱাত, বিশ্ৰামবাৰত দেহ ক্ৰুচৰ ওপৰত নাথাকে, (সেই বিশ্ৰামবাৰ দিনটো এটা বিশেষ দিন বা বৰ-দিন আছিল, কিয়নো সেইদিনা নিস্তাৰপৰ্বৰ দিনো আছিল), এই কাৰণে তেওঁলোকৰ ভৰি ভাঙি, দেহ তললৈ নমাবৰ বাবে ইহুদী সকলে পীলাতৰ ওচৰত গৈ সুধিলে।
32তাতে সৈন্য সকলে আহি, যীচুৰ লগত ক্ৰুচত দিয়া, প্ৰথম আৰু দ্বিতীয় জনৰো ভৰি ভাঙিলে।
33কিন্তু যেতিয়া যীচুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি, ভৰি নাভাঙিলে৷
34তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষ হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
35এই ঘটনা যি জনে দেখিলে সেই জনে আহি এই বিষয়ে সাক্ষ্য দিলে, তেওঁৰ সাক্ষ্য সত্য; আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, এই কাৰণে তোমালোকেও যেন বিশ্বাস কৰা।
36কিয়নো ‘তেওঁৰ এডাল হাড়ো ভঙা নহব’, ধৰ্মশাস্ত্ৰৰ এই বচন সিদ্ধ হ’বলৈহে, এই সকলো ঘটনা ঘটিল।

Read যোহন 19যোহন 19
Compare যোহন 19:28-36যোহন 19:28-36