17আৰু ইস্ৰায়েলৰ পাছত খেদি যাওঁতে যাওঁতে অয় আৰু বৈৎএলত এজন লোকো অৱশিষ্ট নাথাকিল৷ তেওঁলোকে নগৰৰ দুৱাৰ মুকলিকৈ এৰি থৈ, সকলোৱে ইস্ৰায়েলৰ পাছত খেদি গ’ল।
18তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, “তোমাৰ হাতত থকা যাঠীপাত অয়ৰ ফাললৈ দাঙা; কিয়নো সেই নগৰ মই তোমাৰ হাতত দিম।” তেতিয়া যিহোচূৱাই নিজৰ হাতত থকা যাঠীপাত নগৰৰ ফাললৈ দাঙিলে।
19তেওঁ হাত দঙামাত্ৰে লগে লগে আক্রমণ কৰিবলৈ লুকাই থকা সৈন্য দলে নিজ ঠাইৰ পৰা বেগাই ওলাই আহিল আৰু লৰি গৈ নগৰত সোমাল। তাৰ পাছত তেওঁলোকে নগৰখন আটক কৰি ল’লে আৰু তাত জুই লগাই দিলে।
20পাছত অয়ৰ লোকসকলে পাছফাললৈ ঘূৰি চালে আৰু নগৰৰ ধোঁৱা আকাশলৈ উঠা দেখিলে৷ তেতিয়া তেওঁলোকে ইফালে সিফালে কোনোফালে পলাবলৈ একো উপায় নাপালে৷ কাৰণ মৰুপ্ৰান্তলৈ পলাই যোৱা সৈন্যসকলে তেওঁলোকক খেদি আক্ৰমণ কৰিলে৷
21অৰ্থাৎ যেতিয়া যিহোচূৱাই আৰু গোটেই ইস্ৰায়েলে দেখিলে যে, আক্ৰমণ কৰিবলৈ লুকাই থকা সৈন্যদলে নগৰখন আটক কৰি ল’লে আৰু নগৰৰ ধোঁৱা উঠিছে, তেতিয়া তেওঁলোকে উভতি ধৰি অয়ৰ লোকসকলক আঘাত কৰিলে।
22আৰু ইস্ৰায়েলৰ অন্য সৈন্যসকলে নগৰৰ পৰা ওলাই অাহি তেওঁলোকক আক্ৰমণ কৰিলে৷ এইদৰে অয়ৰ লোকসকল ইস্ৰায়েলৰ সৈন্যসকলৰ মাজত ধৰা পৰিল; তাতে এফালে এদল আৰু আনফালে এদল আছিল৷ পাছত ইস্ৰায়েলে তেওঁলোকক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ এজনো অৱশিষ্ট বা জীয়াই নাথাকিল।