4এতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ভাইসকলক প্ৰতিজ্ঞা কৰাৰ দৰে, তেওঁলোকক জিৰণী দিলে৷ গতিকে, এতিয়া তোমালোকে ঘূৰি, নিজ নিজ তম্বুলৈ গৈ, যিহোৱাৰ দাস মোচিয়ে যৰ্দ্দনৰ সিপাৰে তোমালোকক দিয়া আধিপত্যৰ দেশলৈ যোৱা।
5কিন্তু যিহোৱাৰ দাস মোচিয়ে তোমালোকক আদেশ কৰা আজ্ঞা আৰু বিধানৰ দৰে কাৰ্য কৰিবলৈ, ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ, তেওঁৰ সকলো পথত চলিবলৈ, তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ, তেওঁত আসক্ত হ’বলৈ আৰু সকলো মন ও সকলো প্ৰাণেৰে তেওঁৰ আৰাধনা কৰিবলৈ যত্নবান হ’বা।”
6এইদৰে যিহোচূৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰি বিদায় দিয়াৰ পাছত, তেওঁলোক নিজ নিজ তম্বুলৈ গ’ল।
7মোচিয়ে মনচিৰ আধা ফৈদক বাচানত দিছিল; কিন্তু তাৰ আন আধা ফৈদক যিহোচূৱাই যৰ্দ্দনৰ পশ্চিম পাৰে নিজ ভাইসকলৰ লগত উত্তৰাধিকাৰ দিছিল আৰু নিজ নিজ তম্বুলৈ বিদায় দিয়া সময়ত, যিহোচূৱাই তেওঁলোকক আশীৰ্ব্বাদ দিলে,