Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 18

যিহো 18:8-28

Help us?
Click on verse(s) to share them!
8তেতিয়া সেই লোকসকল উঠি তালৈ গ’ল; যিসকল দেশৰ বৰ্ণনা লিখি আনিবলৈ যোৱা লোক আছিল, সেই লোকসকলক যিহোচূৱাই এই আজ্ঞা দি ক’লে, “তোমালোকে গৈ দেশৰ উচ্চ আৰু নিম্ন ভূমি অঞ্চলৰ সকলো ফালে ফুৰি, দেশৰ বৰ্ণনা লিখি মোৰ ওচৰলৈ উভতি আহিবা৷ মই এই চীলোত, যিহোৱাৰ সাক্ষাতে, তোমালোকৰ বাবে চিঠি খেলাম।”
9তেতিয়া সেই লোক কেইজন গৈ দেশখনৰ সকলো ঠাই ফুৰি, প্ৰত্যেক নগৰ অনুসাৰে সাতোটা ভাগৰ আৰু প্ৰত্যেক ভাগৰ নগৰসমূহৰ তালিকা কৰি, নুৰিয়াই ৰখা কাকতত বৰ্ণনা লিখিলে৷ তাৰ পাছত তেওঁলোকে চীলোৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ উভতি আহিল।
10তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে।
11নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদক মাটিৰ ভাগ দিয়া হ’ল৷ তেওঁলোকক ভাগ দিয়া অংশৰ অঞ্চল যিহূদাৰ বংশধৰ আৰু যোচেফৰ বংশধৰৰ মাজত অৱস্থিত আছিল৷
12তেওঁলোকৰ উত্তৰ ফালৰ সীমা যৰ্দ্দনত আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা উঠি গৈ যিৰীহোৰ উত্তৰ ফালে থকা পর্বতমালা হৈ পশ্চিম দিশে থকা পর্বতৰ দেশলৈকে হ’ল৷ তাৰ পাছত সেই সীমা বৈৎ-আবনৰ মৰুপ্ৰান্তত উপনীত হ’ল৷
13তাৰ পৰা সেই সীমা লুজ অৰ্থাৎ বৈৎএলৰ দক্ষিণ দাঁতিলৈ গ’ল৷ তাৰ পাছত বৈৎ-হোৰোণৰ দক্ষিণে থকা পৰ্ব্বতেদি অটৰোৎ-অদ্দৰৰ তললৈ নামি গ’ল।
14বৈৎ-হোৰোণৰ সন্মূখত থকা পর্বতৰ পৰা সেই সীমা পশ্চিম দিশে ঘূৰি যিহূদাৰ গোষ্ঠীৰ নগৰ কিৰিয়ৎ-বাল অর্থাৎ কিৰিয়ৎ-যিয়াৰীমত ইয়াৰ সীমাৰ অন্ত পৰিল; এইদৰে পশ্চিম সীমা গঠন কৰিলে।
15দক্ষিণ ফালৰ সীমা থিক কিৰিয়ৎ-যিয়াৰীমৰ অন্তৰ পৰা আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা ইফ্ৰোণ হৈ নেপ্তোহ নামৰ জলৰ ভুমুকলৈ হ’ল।
16পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাৰ সন্মুখে আৰু ৰফায়ীম পৰ্ব্বতৰ উত্তৰ ফালে থকা পৰ্বতৰ তললৈকে নামি গৈ, হিন্নোমৰ উপত্যকেদি যিবুচিৰ দক্ষিণ কাষলৈ নামি অয়িন-ৰোগেললৈ গ’ল।
17পাছত উত্তৰ ফালে ঘূৰি, সেই সীমা অয়িন-চেমচৰ দিশে গলীলোতত ওলাল, যি অদুম্মীমলৈ উঠি যোৱা পথৰ বিপৰীতে অৱস্থিত আছিল৷ পাছত সেই সীমা বোহনৰ শিলটোলৈকে নামি গ’ল৷
18পাছত এই সীমাটো বৈৎ-অৰাবৰ উত্তৰে গৈ অৰাবালৈ নামি গ’ল;
19সেই সীমা বৈৎ-হগ্লাৰ উত্তৰ দিশে গৈ যৰ্দ্দনৰ দক্ষিণ মুৰত থকা লৱণ-সমুদ্ৰৰ উত্তৰ উপসাগৰত শেষ হ’ল৷ এয়ে দক্ষিণ ফালে থকা সীমা আছিল৷
20যৰ্দ্দনেই পূবফালে তাৰ সীমা গঠন কৰিলে। এয়ে আছিল বিন্যামীনৰ ফৈদৰ উত্তৰাধিকাৰ, এই সীমাৰ চাৰিওফালে থকা ঠাই তেওঁলোকক বংশ অনুসাৰে দিয়া হ’ল।
21নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদৰ নগৰবোৰ আছিল যিৰীহো, বৈৎ-হগ্লা, এমক-কচিচ,
22বৈৎ-অৰাবা, চমাৰয়িম, বৈৎএল।
23অব্বীম, পাৰা, অফ্ৰা,
24কফৰ-অন্মোনী, অফনী আৰু গেবা৷ এই বাৰখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল।
25তাৰ ওপৰিও আন নগৰবোৰ হ’ল, যেনে - গিবিয়োন, ৰামা, বেৰোৎ,
26মিস্পী, কফীৰা, মোচা,
27ৰেকম, যিৰ্পেল, তৰলা,
28চেলা, এলফ আৰু যিবুচী অৰ্থাৎ যিৰূচালেম, গিবিয়ৎ আৰু কিৰিয়ৎ৷ এই চৌধ্যখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল। এই অঞ্চলবোৰত বিন্যামীনৰ নিজ নিজ বংশ অনুসাৰে উত্তৰাধিকাৰ আছিল৷

Read যিহো 18যিহো 18
Compare যিহো 18:8-28যিহো 18:8-28