28এইদৰে যিহোচূৱাই সেই দিনাই মক্কেদা দখল কৰি ল’লে আৰু তৰোৱালৰ ধাৰেৰে সেই ঠাইৰ ৰজা আদি কৰি সকলোকে আঘাত কৰি সকলো মানুহক নিঃশেষে বিনষ্ট কৰিলে আৰু কাকো অৱশিষ্ট নাৰাখিলে৷ তেওঁ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, মক্কেদাৰ ৰজালৈকো তেনে কৰিলে।
29তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ মক্কেদাৰ পৰা লিব্নালৈ গ’ল, আৰু লিব্নাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
30তাতে যিহোৱাই লিব্নাৰ লগতে তাৰ ৰজাক ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই তাত থকা প্ৰত্যেক জীৱন্ত প্ৰাণী আৰু তাৰ ভিতৰত থকা সকলো মানুহক আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ তেওঁ তাৰ মাজত কোনো প্ৰাণীক জীৱিত নাৰাখিলে৷ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, তাৰ ৰজালৈকো তেওঁ তেনে কৰিলে।
31তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ লিব্নাৰ পৰা লাখীচলৈ গ’ল৷ তেওঁ তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
32তেতিয়া যিহোৱাই লাখীচকো ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই দ্বিতীয় দিনা সেই ঠাই দখল কৰি ল’লে৷ লিব্নালৈ যেনেকুৱা কৰিছিল, লাখীচলৈও তেওঁ তেনেকুৱাই কৰিলে। তাৰ পাছত সেই ঠাই আৰু তাৰ মাজত থকা সকলো জীৱিত প্ৰাণীক তৰোৱালেৰে আঘাত কৰিলে।
33তেতিয়া গেজৰৰ ৰজা হোৰমে লাখীচক সহায় কৰিবলৈ আহিছিল৷ যিহোচূৱাই তাত থকা এজনো প্ৰাণী নিঃশেষ নোহোৱালৈকে, তেওঁক আৰু তেওঁৰ সৈন্যসকলক আঘাত কৰিলে।