Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 10

যিহো 10:13-21

Help us?
Click on verse(s) to share them!
13সূৰ্য স্থগিত হ’ব আৰু চন্দ্ৰও ৰৈ থাকিব, যেতিয়ালৈকে সন্তান সকলে নিজৰ শত্ৰুবোৰক প্ৰতিশোধ নলয়৷ এই কথা জানো যাচেৰ পুস্তকত লিখা নাই? এইদৰে সূৰ্য আকাশৰ মাজ ঠাইত থিৰে থাকি, প্ৰায় সম্পূৰ্ণ এক দিন মাৰ যাবলৈ লৰচৰ নকৰিলে৷
14ইয়াৰ পূৰ্বতে কি পৰৱর্তী কালতো এইদৰে যিহোৱাই মনুষ্যৰ বাক্যলৈ কাণ পতা এনে এটা পুনৰ নহ’ল; কিয়নো সেইদিনা যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।
15যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত ল’লে আৰু গিলগলৰ ছাউনিলৈ উলটি আহিল।
16আৰু সেই পাঁচজন ৰজা পলাই গৈ, মক্কেদাৰ গুহাত লুকাই থাকিল।
17পাছত কোনো লোকে যিহোচূৱাক বাতৰি দি ক’লে, “সেই পাঁচজন ৰজাক মক্কেদাৰ গুহাত লুকাই থকা দেখা গৈছে!”
18তেতিয়া যিহোচূৱাই ক’লে, “তোমালোকে সেই গুহাৰ মুখত কেতবোৰ ডাঙৰ শিল বগৰাই দি, তেওঁলোকক পহৰা দিবলৈ তাৰ ওচৰত মানুহ ৰাখাগৈ৷
19কিন্তু তোমালোকে পলম নকৰিবা৷ শত্ৰুবোৰৰ পাছে পাছে খেদি গৈ তেওঁলোকৰ লোকসকলক পাছফালৰ পৰা সংহাৰ কৰা৷ তেওঁলোকক নিজ নিজ নগৰত সোমাবলৈ নিদিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে।”
20পাছত যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে যেতিয়া মহা-পৰাক্ৰমেৰে তেওঁলোকক নিঃশেষে সংহাৰ কৰিলে আৰু তেওঁলোকৰ অৱশিষ্ট লোক সমূহ গড়েৰে আবৃত নগৰবোৰত গৈ যেতিয়া সোমাল,
21তেতিয়া সকলো লোক মক্কেদাৰ চাউনিত থকা যিহোচূৱাৰ ওচৰলৈ শান্তিৰে উলটি আহিল আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনোৱে কাৰো বিৰুদ্ধে একো কবলৈ সাহস নকৰিলে।

Read যিহো 10যিহো 10
Compare যিহো 10:13-21যিহো 10:13-21