Text copied!
Bibles in Assamese

যিহো 10:13-21 in Assamese

Help us?

যিহো 10:13-21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 সূৰ্য স্থগিত হ’ব আৰু চন্দ্ৰও ৰৈ থাকিব, যেতিয়ালৈকে সন্তান সকলে নিজৰ শত্ৰুবোৰক প্ৰতিশোধ নলয়৷ এই কথা জানো যাচেৰ পুস্তকত লিখা নাই? এইদৰে সূৰ্য আকাশৰ মাজ ঠাইত থিৰে থাকি, প্ৰায় সম্পূৰ্ণ এক দিন মাৰ যাবলৈ লৰচৰ নকৰিলে৷
14 ইয়াৰ পূৰ্বতে কি পৰৱর্তী কালতো এইদৰে যিহোৱাই মনুষ্যৰ বাক্যলৈ কাণ পতা এনে এটা পুনৰ নহ’ল; কিয়নো সেইদিনা যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।
15 যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত ল’লে আৰু গিলগলৰ ছাউনিলৈ উলটি আহিল।
16 আৰু সেই পাঁচজন ৰজা পলাই গৈ, মক্কেদাৰ গুহাত লুকাই থাকিল।
17 পাছত কোনো লোকে যিহোচূৱাক বাতৰি দি ক’লে, “সেই পাঁচজন ৰজাক মক্কেদাৰ গুহাত লুকাই থকা দেখা গৈছে!”
18 তেতিয়া যিহোচূৱাই ক’লে, “তোমালোকে সেই গুহাৰ মুখত কেতবোৰ ডাঙৰ শিল বগৰাই দি, তেওঁলোকক পহৰা দিবলৈ তাৰ ওচৰত মানুহ ৰাখাগৈ৷
19 কিন্তু তোমালোকে পলম নকৰিবা৷ শত্ৰুবোৰৰ পাছে পাছে খেদি গৈ তেওঁলোকৰ লোকসকলক পাছফালৰ পৰা সংহাৰ কৰা৷ তেওঁলোকক নিজ নিজ নগৰত সোমাবলৈ নিদিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে।”
20 পাছত যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে যেতিয়া মহা-পৰাক্ৰমেৰে তেওঁলোকক নিঃশেষে সংহাৰ কৰিলে আৰু তেওঁলোকৰ অৱশিষ্ট লোক সমূহ গড়েৰে আবৃত নগৰবোৰত গৈ যেতিয়া সোমাল,
21 তেতিয়া সকলো লোক মক্কেদাৰ চাউনিত থকা যিহোচূৱাৰ ওচৰলৈ শান্তিৰে উলটি আহিল আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনোৱে কাৰো বিৰুদ্ধে একো কবলৈ সাহস নকৰিলে।
যিহো 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019