Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 21

বিচাৰ 21:7-12

Help us?
Click on verse(s) to share them!
7এতিয়া তাৰ অৱশিষ্ট থকা লোকসকলৰ বিয়াৰ বিষয়ে কি কৰা উচিত? কিয়নো আমাৰ নিজ নিজ জীহঁতক সিহঁতৰে সৈতে বিয়া নিদিওঁ বুলি কৈ আমি যিহোৱাৰ নামেৰে শপত খালোঁ।”
8এই হেতুকে তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজৰ এনে কোন আছে, যি ফৈদ মিস্পাত যিহোৱাৰ কাষত উপস্থিত হোৱা নাই?” তেতিয়া তেওঁলোকে জানিব পাৰিলে যাবেচ গিলিয়দৰ পৰা কিছুমান মানুহ সেই সমাবেশত উপস্থিত হোৱা নাই।
9কিয়নো লোকসকলৰ গণনা কৰাৰ সময়ত তেওঁলোকে দেখিলে যে যাবেচ গিলিয়দ নিবাসীসকলৰ এজনো সেই ঠাইলৈ অহা নাই।
10তেতিয়া তেওঁলোকে সাহসী লোকসকলৰ মাজৰ পৰা বাৰ হাজাৰ সৈন্যক এই আজ্ঞা দি পঠালে যে “তেওঁলোকে যাবেচ গিলিয়দলৈ গৈ সৰু সৰু ল’ৰা-ছোৱলী আৰু মহিলাকে ধৰি সকলোকে আক্রমণ কৰি বধ কৰক।”
11“তোমালোকে এইদৰে কৰা; প্ৰতিজন পুৰুষ আৰু পুৰুষেৰে সৈতে শয়ন কৰা প্ৰতিগৰাকী মহিলাকে বধ কৰিবা।”
12সৈন্যসকলে যাবেচ-গিলিয়দ নিবাসী লোকসকলৰ মাজত কেতিয়াও পুৰুষৰে সৈতে শয়ন নকৰা চাৰিশ যুবতীক অবিবাহিতা পালে। তেওঁলোকে সেই যুবতীসকলক কনান দেশত থকা চীলোৰ ছাউনিলৈ লৈ গ’ল।

Read বিচাৰ 21বিচাৰ 21
Compare বিচাৰ 21:7-12বিচাৰ 21:7-12